Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

কংগ্ৰেছত পদত্যাগৰ ধুমুহা।
বিজেপিত যোগদানৰ জোৱাৰ।
গৌৰৱ গগৈৰ ওপৰত খৰ্গহস্ত হৈ দল এৰিছিল ভূপেন বৰাই।এইবাৰ দল এৰিলে প্ৰদ্যুত বৰদলৈয়ে।কংগ্ৰেছ দল এৰি যোগদান কৰিলে বিজেপিত।


ভুপেন বৰা, প্ৰদ্যুত বৰদলৈৰ দৰে কংগ্ৰেছ নেতাৰ পদত্যাগে ধ্বংস কৰিব নেকি কংগ্ৰেছৰ ভৱিষ্যত?
সমাগত নিৰ্বাচন,৯ এপ্রিলত ভোট গ্রহণ। ৰাজ্যৰ ৰাজনীতিত ধুমুহা।নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত।ইজনৰ পিছত সিজন নেতাই এৰিছে কংগ্ৰেছ। প্ৰদ্যুত বৰদলৈৰ পদত্যাগৰ পিছত কংগ্ৰেছত ভুইকপ।প্ৰদ্যুত বৰদলৈৰ পদত্যাগ মানি লব পৰা নাই কংগ্ৰেছে। গৌৰৱ গগৈৰ অভিযোগ প্ৰদ্যুত বৰদলৈৰ ৰাজনৈতিক জীৱনত দাগ লগাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই, বিজেপিয়ে চলাইছে অপপ্রচাৰ। কিন্তু গৌৰৱ গগৈৰ অভিযোগ বিজেপিক লৈ হে।কংগ্ৰেছ দলত থাকিও অকলশৰীয়া হৈ পৰিছিল প্ৰদ্যুত বৰদলৈ। মোক মানসিকভাৱে আঘাত দিলে দলটোৱে কংগ্ৰেছ দল এৰি মন্তব্য প্ৰদ্যুত বৰদলৈৰ। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত হোৱা এই খহনীয়াত কোন দিশে গতি কৰিব কংগ্ৰেছৰ ভৱিষ্যত?

Wordpress Social Share Plugin powered by Ultimatelysocial