Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

বিগত পাঁচ-ছয় মাহ ধৰি সকলোৱে অপেক্ষা কৰি আছিল এজাক বৰষুণৰ বাবে । ধূলিৰে ধূসৰিত পৰিৱেশৰ পৰা ৰক্ষা পাবলৈ সকলোৱে এজাক বৰষুণৰ বাবে অপেক্ষা কৰি আছিল। অৱশেষত অপেক্ষাৰ অন্ত পৰিল। ধৰালৈ নামি আহিল সকলোৱে বিচৰা এজাক বৰষুণ। ১৭ মাৰ্চলৈ ৰাজ্যত ধাৰাসাৰ বৰষুণৰ লগতে বতাহ , বিজুলী , বজ্ৰপাত হোৱাৰ আশংকা। ৰাজ্য়ৰ বতৰ বিজ্ঞানে দিছে এই বাৰ্তা ৷

অহা পাঁচ দিনলৈ ৰাজ্যত ধুমুহা বৰষুণ বিজুলী-ঢেৰেকণি হোৱাৰ সতৰ্কবাণী শুনাইছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । অসমৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ বিভিন্ন ঠাইত ধুমুহা-বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। বতৰ বিভাগৰ তথ্য অনুসৰি ১৩ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ ৰাজ্যত ধাৰাসাৰ বৰষুণৰ লগতে বতাহ , বিজুলী , বজ্ৰপাত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে । ইফালে, ১৮ আৰু ১৯ মাৰ্চৰ পৰা বতৰৰ অৱস্থা কিছু উন্নত হোৱাৰ সম্ভাৱনা আছে । আনহাতে শুকুৰবাৰৰ পৰা চাৰিদিনলৈ গুৱাহাটী মহানগৰীৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলবোৰত বৰষুণ হোৱাৰ লগতে বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে ।

Wordpress Social Share Plugin powered by Ultimatelysocial