সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে ভাৰতে টি-২০ বিশ্বকাপ দখল কৰিলে। মুঠ তিনিবাৰৰ লগতে ক্ৰমাগতভাৱে দ্বিতীয়বাৰ ঘৰুৱা মাটিত টি-২০ বিশ্বকাপ জয়ৰ অভিলেখো গঢ়িছে টীম ইণ্ডিয়াই। এম এছ ধোনী আৰু ৰোহিত শৰ্মাৰ সৈতে একেখন আসনত সূৰ্যকুমাৰ যাদৱ। কিন্তু সূৰ্যকুমাৰ যাদৱৰ বয়স ৩৫ বছৰ পাৰ হৈ গৈছে। আগন্তুক টি-২০ বিশ্বকাপ ২০২৮ চনত। সেই সময়ত ৩৮ পাৰ হৈ যাব সূৰ্যকুমাৰৰ বয়স। ফলত ভৱিষ্যতৰ কথা ভাবি ২০২৮ টি-২০ বিশ্বকাপত খেলিলেও সূৰ্যকুমাৰ যাদৱ অধিনায়ক হৈ থাকিবনে নাথাকে তাক লৈ জল্পনা-কল্পনা আৰম্ভ হৈ গৈছে।

ফলত ভাৰতীয় দলৰ পৰৱৰ্তী টি-২০ অধিনায়ক কোন হ’ব তাক লৈ চলিছে চৰ্চা। ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ কাইফে ভাৱে, টি-২০ বিশ্বকাপত দুৰ্দান্ত প্ৰদৰ্শনৰ পিছত সঞ্জু ছেমছন ভৱিষ্যতৰ ভাৰতীয় টি-২০ দলৰ অধিনায়ক হ’ব পাৰে। এইবাৰৰ টি-২০ বিশ্বকাপত সঞ্জু ছেমছনে ক্ৰমাগতভাৱে তিনিটা অৰ্ধশতৰান কৰে, যাৰ ভিতৰত আছিল ছেমি ফাইনেল আৰু ফাইনেলো। তেওঁৰ এই অসাধাৰণ প্ৰদৰ্শনে দলক তৃতীয়বাৰলৈ টি-২০ বিশ্বকাপ দখলত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উইকেটকীপাৰ বেটছমেন ছেমছনে আইপিএলৰ ৰাজস্থান ৰয়েলছ দলৰ অধিনায়ক হিচাপেও পালন কৰিছে। দলৰ সফলতাত তেওঁৰ ভূমিকা আছিল অত্যন্ত গুৰুত্বপূৰ্ণ। কঠিন সময় পাৰ কৰি পুনৰ ডাঙৰ মঞ্চত সফল হোৱাৰ বাবে সমৰ্থক আৰু বিশেষজ্ঞসকলৰ পৰাও তেওঁ প্ৰচূৰ প্ৰশংসা লাভ কৰিছে।
কাইফে কয়, ‘‘এই মুহূৰ্তত কোৱা কঠিন যে ভৱিষ্যতে কোন অধিনায়ক হ’ব, কিন্তু ছেমছন সেই দৌৰত থাকিব পাৰে। এজন অধিনায়ক এনেকুৱা উচিত যিয়ে বহু অভিজ্ঞতা অৰ্জন কৰিছে। কেতিয়া বলিং পৰিৱৰ্তন কৰিব লাগিব, শ্ৰেষ্ঠ একাদশ বাচি লোৱা আৰু বেয়া ফৰ্মত থকা খেলুৱৈৰ কাষত থিয় হোৱা – এই সকলো বিষয় এজন অধিনায়কে বুজিব লাগে।’’তেওঁ লগতে কয়, ছেমছনৰ সেই অভিজ্ঞতা আছে। যদি বৰ্তমানৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে ভৱিষ্যতে দায়িত্ব এৰি দিয়ে, তেন্তে ছেমছনে সেই স্থান ল’ব পাৰে। আইপিএত দীৰ্ঘদিন ধৰি অধিনায়কত্ব কাৰ অভিজ্ঞতা তেওঁৰ আছে আৰু ২০২২ চনত তেওঁ ৰাজস্থান ৰয়েলছক ফাইনলেতো উপনীত কৰাইছিল। বৰ্তমান তেওঁৰ বয়স মাত্ৰ ৩১ বছৰ, সেয়ে ভৱিষ্যতে তেওঁ ভাৰতৰ অধিনায়ক হ’ব পাৰে বুলি ধাৰণা কৰে কাইফে। এই বিশ্বকাপত ছেমছনৰ প্ৰত্যাৱৰ্তনৰ কাহিনীও আছিল অসাধাৰণ। প্ৰতিযোগিতাৰ পূৰ্বে নিউজিলেণ্ডৰ বিৰুদ্ধে পাঁচটা ইনিংছত মাত্ৰ ৪৬ ৰান কৰিছিল তেওঁ আৰু এটা সময়ত দলৰ স্থানো হেৰুৱাইছিল। কিন্তু সুযোগ পাই তেওঁ দুৰ্দান্ত বেটিং কৰে।
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ মেচৰ পৰা আৰম্ভ কৰি নিউজিলেণ্ডৰ বিৰুদ্ধে ফাইনেললৈ ছেমছনে দুৰ্দান্ত বেটিং কৰে। পাঁচটা ইনিংছত তেওঁ ৩২১ ৰান কৰে, গড় আছিল ৮০.২৫ আৰু ষ্ট্ৰাইক ৰেট আছিল ১৯৯.৩৭। সম্পূৰ্ণ প্ৰতিযোগিতাত তেওঁ ২৭টা চাৰি আৰু ২৪টা ছয় কোবায় আৰু তৃতীয় সৰ্বোচ্চ ৰান সংগ্ৰাহক হিচাপে পৰিগণিত হয়। ছিৰিজৰ শ্ৰেষ্ঠ খেলুৱৈও নিৰ্বাচিত হয় তেওঁ।