Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

অনেকে জীৱনৰ শেষ বয়সত ইচ্ছা কৰে যে যদি মৰিবই লাগে, তেন্তে ‘মৃত্যু হোটেল’তে যেন তেওঁৰ প্ৰাণবায়ু উৰি যায়। আৰু সেই ইচ্ছাপূৰণৰ বাবে পৰিয়ালৰ লোকসকলো ব্যস্ত হৈ পৰে। এইখিনিলৈকে শুনিলে কোনোবা কাল্পনিক গল্প যেন লাগিব পাৰে। কিন্তু আচৰিত কথাটো হ’ল যে আমাৰ দেশতে এনে এখন হোটেল আছে।

মৃত্যুমুখত পৰা লোকসকলক এই হোটেললৈ লৈ অহা হয়। প্রচলিত বিশ্বাস অনুসৰি, এই হোটেলত মৃত্যু হ’লে হেনো মোক্ষ লাভ হয়। আৰু সেই বিশ্বাসৰ তাগিদতে শ শ কিলোমিটাৰ অতিক্ৰম কৰি মৃত্যুমুখত পৰা ব্যক্তিজনৰ ইচ্ছাপূৰণৰ বাবে পৰিয়ালৰ লোকসকল লৰি আহে হোটেল খনলৈ।

হোটেলখনৰ নাম কাশীলাভ মুক্তি ভৱন। উত্তৰ প্ৰদেশৰ বাৰাণসীত এই হোটেলখন অৱস্থিত। ইয়াত মৃত্যু হ’লে মোক্ষ লাভ হয়— এই বিশ্বাসৰ বাবেই হোটেলখন ‘মুক্তি ভৱন’ নামেৰেও পৰিচিত।

১৯০৮ চনত এই ঘৰটো নিৰ্মাণ কৰা হৈছিল। ১৯৫৮ চনত উদ্যোগপতি জইদ দয়াল ডালমিয়াই এই বাসগৃহটোক মৃত্যুশয্যাত থকা ব্যক্তিসকলৰ সেৱা-শুশ্ৰূষা কৰা এক চিকিৎসালয়লৈ ৰূপান্তৰিত কৰে। এটা দুমহলীয়া ঘৰ। এই ঘৰটোত ১০টা ডাঙৰ কোঠা আছে। সাধাৰণতে মৃত্যুৰ লগত এক বিষাদ জড়িত হৈ থাকে। যিকোনো মৃত্যুৱেই বেদনাদায়ক। কিন্তু মুক্তি ভৱনত মৃত্যুক ‘উদযাপন’ কৰা হয়।

Wordpress Social Share Plugin powered by Ultimatelysocial