মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক সমালোচনা কৰি মন্তব্য কৰিছিল যে কংগ্ৰেছৰ দিনত মহিলা সকলে বক্ৰ পথেৰে চাকৰি লৈছিল। চাকৰি ল’বৰ বাবে টকাৰ বাহিৰেও নকৰিবলগীয়া কাম কৰিছিল অসমৰ মহিলা সকলে। মুখ্যমন্ত্ৰীয়ে কৰা এই মন্তব্যৰ পাছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তেজপুৰৰ এখন নিৰ্বাচনী সভাত এই মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে। এই মন্তব্যক লৈ জাঙুৰ খাই উঠিছে মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ। মুখ্যমন্ত্ৰীৰ এই মন্তব্যক কঠোৰ ভাষাৰে সমালোচনা কৰিছে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে। অসমৰ এগৰাকী মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনত জয়ী হোৱাৰ বাবেই অসমৰ মহিলা সকলক কটাক্ষ কৰি কৰা মন্তব্যৰ বাবে ক্ষমা খোজাৰ আহ্বান মুখ্যমন্ত্ৰীক। মুখ্যমন্ত্ৰীয়ে এনে মন্তব্য কৰি নিজৰ মানসিকতাৰ পৰিচয় নিদিব বুলিও সকীয়নি দিয়ে মীৰা বৰঠাকুৰে। কংগ্ৰেছৰ সময়ত উঠি ৰজা বহি ৰজা হিমন্ত বিশ্ব শৰ্মাই আছিল বুলি মন্তব্য কৰি মীৰা বৰঠাকুৰে কয় যে সেই সময়ত তেওঁ মহিলা সকলক বেয়া পথেৰে লৈ গৈছিল নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে মীৰা বৰঠাকুৰে।