জুন-জুলাই নহয়, এইবাৰ মাৰ্চৰ আৰম্ভণিতেই প্ৰচণ্ড গৰমে দহিছে দিল্লীবাসীক। আগন্তুক দিনত ভয়াৱহ পৰিস্থিতি হ’ব নেকি। ভংগ কৰিছে উষ্ণতাৰ ১৫ বছৰীয়া অভিলেখ। মাৰ্চৰ প্ৰথম সপ্তাহতেই উষ্ণতাৰ ১৫ বছৰীয়া অভিলেখ ভংগ দেশৰ ৰাজধানী চহৰত। বৃহস্পতিবাৰে দিল্লীত সৰ্বোচ্চ উষ্ণতা হয়গৈ ৩৪.৩ ডিগ্ৰী চেলছিয়াছ। চলিত ঋতুৰ আটাইতকৈ উষ্ণ দিন হিচাপে ৰেকৰ্ড কৰা হৈছে বৃহস্পতিবাৰৰ দিনটো। বতৰ বিজ্ঞান বিভাগৰ পূৰ্বাভাস অনুসৰি আগন্তুক দিনতো বৃদ্ধি হৈ থাকিব দিল্লীৰ উষ্ণতা। ১১ মাৰ্চলৈ স্বাভাৱিক হৈ থাকিব দিল্লীৰ বতৰ। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি অহা ৬, ৭, আৰু ৮ মাৰ্চত আকাশ ফৰকাল হৈ থাকিব আৰু প্ৰচণ্ড বতাহৰ সম্ভাৱনা আছে । ৯ মাৰ্চৰ পৰা ১১ মাৰ্চলৈ আকাশ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব পাৰে । অৱশ্য়ে বৰষুণৰ সম্ভাৱনা নাই বুলি বতৰ বিজ্ঞান বিভাগ উল্লেখ কৰিছে ।