Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

বিশ্বনাথৰ দগাঁও এৰাবাৰীৰ পথাৰত সোমবাৰে এজন লোকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। উদ্ধাৰ হোৱা মৃতদেহটো হৰেন্দ্ৰ বৰ্মন বুলি চিনাক্ত। উল্লেখ্য যে যোৱা শুকুৰবাৰৰ পৰাই নিৰুদ্দেশ হৈ আছিল হৰেন্দ্ৰ বৰ্মন। বিশ্বনাথৰ মিস্তিমুখ নামৰ হোটেল খনত কৰ্মৰত আছিল মৃত হৰেন্দ্ৰ বৰ্মন।যোৱা শুকুৰবাৰে হৰেন্দ্ৰ বৰ্মন নিজৰ কৰ্মস্থলীত উপস্হিত হৈছিল যদিও সুৰাপান কৰা অবস্থাত থকা দেখি হোটেলখনৰ স্বত্বাধিকাৰীয়ে কামৰ পৰা ওভতাই পঠিয়াইছিল হৰেন্দ্ৰ বৰ্মনক।তাৰ পিছৰ পৰাই হৰেন্দ্ৰ বৰ্মন নিৰুদ্দেশ হৈ আছিল। ইফালে যোৱা শুকুৰবাৰে ঘৰলৈও উভতি নোযোৱাৰ বাবে সোমবাৰে হৰেন্দ্ৰ বৰ্মনৰ পৰিয়াল বিশ্বনাথত উপস্থিত হৈ হোটেলৰ স্বত্বাধিকাৰীক লগত লৈ বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত নিৰুদ্দেশ হোৱাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিবলৈ গৈছিল। কিন্তু সেই সময়তে জানিব পাৰিলে যে বিশ্বনাথৰ দগাঁৱৰ পথাৰত এজন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে । যাৰবাবে মৃতদেহ উদ্ধাৰ হোৱা স্থানত হৰেন্দ্ৰৰ পৰিয়াল উপস্থিত হয়গৈ আৰু মৃতদেহটো হৰেন্দ্ৰ বৰ্মনৰ বুলি নিশ্চিত হয়। ইতিমধ্যে বিশ্বনাথ সদৰ আৰক্ষী থানাৰ আৰক্ষী উক্ত স্থানত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। এই পৰ্যন্ত হৰেন্দ্ৰ বৰ্মনৰ মৃত্যুৰ কাৰণ জানিব পৰা নাই।

Wordpress Social Share Plugin powered by Ultimatelysocial