Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

লামডিং নামঘৰ। ৬৫ বছৰীয়া পুৰণি তথা ১৯৬০ চনতে লামডিঙৰ হৰুলংফাৰ বজাৰত স্থাপিত হৈছিল এই নামঘৰটি ৷ ৰেল চহৰত কৰ্ম ব্যস্ততাৰ মাজতো হৰিনাম ল’বলৈকে স্থাপন কৰি হৈছিল এই নামঘৰভাগিৰ ৷ কিন্তু আজি নামঘৰটিৰ নথকাৰ উপক্ৰম হৈছে ৷ নামঘৰটিৰ মনিকূটৰ স্থাপনা ভাগিক নতুন ঠাইৰ প্ৰয়োজন হৈছে ৷ কিয়নো ৰেল বিভাগৰ ফালৰ পৰা লামডিঙৰ প্ৰথম তথা আটাইতকৈ পুৰণি নামঘকভাগিলৈ ৰেল বিভাগে জাৰি কৰিছে উচ্ছেদৰ জাননি ৷ যাৰফলত এতিয়া ভকত গোপিনিসকল দুখত ভাঙি পৰিছে ৷ ৰেল বিভাগৰ দ্বৈত ৰেলপথ নিৰ্মাণৰ বাবেই হৰুলংফাৰ বজাৰৰ বহু ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে এই লামডিং নামঘৰটিলৈও উচ্ছেদৰ জাননি প্ৰেৰণ কৰিছে ৷

নামঘৰৰ ৰাইজে কিছুদিনৰ সময় বিছাৰি তথা নামঘৰটিৰ বাবে বিকল্প ঠাই বিচাৰি লামডিঙৰ ৰেলৱে মাণ্ডলিক প্ৰৱন্ধকক এখনি স্মাৰকপত্ৰ দাখিল কৰিছিল যদিও কোনো সঁহাৰি লাভ নকৰিলে ৰাইজে ৷ হয়তু অহা ৪ মে তাৰিখে নামঘৰটিৰ ওপৰত জেচিবি বুল্ডজাৰ চলাব ৰেলবিভাগে ৷ যাৰ ফলত এতিয়া লামডিঙৰ এই সকল ৰাইজ ভাঙি পৰা পৰিলক্ষিত হৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Wordpress Social Share Plugin powered by Ultimatelysocial