গোৱালপাৰা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনাক কেন্দ্র কৰি আজি উত্তপ্ত হৈ পৰে মহাবিদ্যালয়ৰ পৰিবেশ। এগৰাকী হিন্দু ছাত্ৰীক শাৰীৰিক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে NSUI’ৰ এজন ছাত্ৰ নেতাৰ বিৰুদ্ধে। উল্লেখ্য যে বৃহস্পতিবাৰ অৰ্থাৎ ১১ ছেপ্তেম্বৰ তাৰিখে মহাবিদ্যালয়খনিৰ আদৰণি সভাৰ আনন্দ উল্লাসৰ মাজতে ছাত্ৰ একতা সভাৰ কক্ষত কলেজ খনৰ এগৰাকী ছাত্ৰীক NSUI’ৰ এজন ছাত্ৰ নেতা ফিৰোজ আহমেদে শাৰীৰিক হাৰাশাস্তি কৰিছিল আৰু হাৰাশাস্তিৰ বলি হোৱা ছাত্ৰী গৰাকী চিঞৰ বাখৰ কৰাত পোহৰলৈ আহিছিল ঘটনা। ঘটনাৰ পাছতে কলেজখনিত সৃষ্টি হৈছিল এক অপ্রীতিকৰ পৰিস্থিতিৰ। মহাবিদ্যালয়খনিৰ আন আন ছাত্ৰ ছাত্ৰী তথা প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ বিভিন্ন শ্লোগানেৰে উত্তাল হৈ পৰে পৰিবেশ। অৱশেষত আৰক্ষী বাহিনীৰ সহযোগত পৰিস্থিতি নিয়ন্ত্রণ কৰে আৰু ঘটনাত অভিযুক্ত ফিৰোজ আহমেদক আটক কৰে গোৱালপাৰা আৰক্ষীয়ে।
শুকুৰবাৰে এই দুৰ্ভাগ্যজনক ঘটনাৰ উচিত ন্যায় বিচাৰি পুনৰ প্ৰতিবাদত বহে গোৱালপাৰা আঞ্চলিক ছাত্ৰ সন্থা, ABVP, ছাত্র-ছাত্ৰী লগতে গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্রাম সমিতিয়ে। ঘটনাত জড়িত দোষীক উচিত বিচাৰ কৰি শাস্তিৰ দাবী জনোৱাৰ লগতে ভুক্তভোগী ছাত্ৰীগৰাকীক জিলা প্ৰশাসনক সকাহ প্ৰদান কৰাৰ দাবী জনায়।