Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

কেৱল মাত্ৰ ব্যৱসায়িক স্বাৰ্থত বিনষ্ট শৈক্ষিক পৰিৱেশ। সন্ধিয়া হ’লেই সুৰাৰ আদ্দাত পৰিণত অঞ্চলটোকলৈ তীব্ৰ ক্ষোভ ছাত্ৰ সন্থা তথা সচেতন মহলৰ। অচিৰেই ৱাইন শ্বপ দুখন বন্ধৰ দাবী ৰঙিয়া মহাবিদ্যালয় ছাত্ৰ সন্থা, ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে ৰঙিয়া মহাবিদ্যালয়ৰ আছু গোটৰ।

উল্লেখ্য যে, ঐতিহ্যমণ্ডিত ৰঙিয়া মহাবিদ্যালয়ৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী তথা সমগ্ৰ অঞ্চলটোৰ শৈক্ষিক পৰিৱেশক সম্পূৰ্ণ বিনষ্ট কৰি ৱাইন শ্বপ খোলাৰ অনুমতি প্ৰদান কৰি চৰকাৰ তথা প্ৰশাসনে দুখনকৈ সুৰাৰ বিপণী কলেজখনৰ পৰা ১১০ মিটাৰৰ ভিতৰতে স্থাপন কৰিবলৈ অনুমতি দিয়ে। যাৰ ফলত খঙত টিঙিৰি তুলা হৈ পৰিছে ৰঙিয়াৰ ছাত্ৰ সমাজকে ধৰি ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু সচেতন নাগৰিক সকল। এই ৱাইনশ্বপ অচিৰেই বন্ধ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ ভাবুকি প্ৰদান কৰিছে আছুৰ নেতৃত্বই।

Leave a Reply

Your email address will not be published. Required fields are marked *

Wordpress Social Share Plugin powered by Ultimatelysocial