Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ’লে অসমৰ মুছলমানসকল বিপদত পৰিব বুলি মন্তব্য কৰিছিল এ আই ইউ দি এফৰ বিধায়ক আশ্ৰাফুল হুছেইনে। আশ্ৰাফুল হুছেইনৰ মন্তব্যৰ বিৰোধীতা কৰি বসন্ত গগৈয়ে কয় যে সামগ্ৰিক পৰিবেশৰ ,অসমীয়া ৰাইজৰ অধিকাৰৰ স্বাৰ্থত ,খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থত , কা আইনৰ পৰা অসমক আঁতৰত ৰখাৰ স্বাৰ্থত আমি ছয় জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰিছো। আই এম দি টি আইন বাতিলৰ আঁৰত জন্ম পোৱা ,অবৈধ বিদেশী ৰক্ষাৰ স্বাৰ্থত ,মাদানীৰ দৰে নেতাক নিজৰ গৃহত আশ্ৰয় প্ৰদান কৰি অসমত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ প্ৰচেষ্টা চলোৱা এ আই ইউ দি এফ নামৰ দলটোৰ শ্ৰুতলিপিত আমি নচলো। অসম বিদ্বেষী ,ভাৰত বিদ্বেষী চৰিত্ৰৰে এ আই ইউ দি এফ নামৰ দলটো অবৈধ বাংলাদেশীৰ ৰক্ষক। মিঞা কবিতা ৰচনাৰে অসমীয়া ভাষা সংস্কৃতিলৈ অশনি সংকেত কঢ়িয়াই অনা এই দলটোৰ এজন বিধায়কে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে যি মন্তব্য কৰিছে তাক আমি তীব্ৰ ভাবে গৰিহণা দিয়াৰ লগতে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা এনে মন্তব্য নকৰিবলৈ বসন্ত গগৈয়ে সকিয়নী প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Wordpress Social Share Plugin powered by Ultimatelysocial