মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী। আজি মুকলি হ’ব উত্তৰ-পূবৰ দীৰ্ঘতম উৰণসেতু। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব উৰণসেতুখন। ৰাজ্যৰ ভিতৰতে দীৰ্ঘতম উৰণসেতু মহাৰাজ পৃথু উৰণসেতু। প্ৰায় ২৮ মাহতে নিৰ্মাণ কৰি উলিওৱা হৈছে ৪.৫ কিলোমিটাৰ দৈৰ্ঘৰ অত্যাধুনিক মহাৰাজ পৃথু উৰণসেতু খন। গুৱাহাটী মহানগৰীৰ যান-জঁট হ্ৰাস কৰা উদ্দেশ্য নিৰ্মাণ কৰা হৈছে সেতু।

উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ দীঘল আৰু সৰ্বাধিক বাজেটেৰে নিৰ্মাণ কৰা অত্যাধুনিক এই মহাৰাজ পৃথু উৰণসেতু । ৮৫০ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা উৰণসেতুখনে মুকলিৰ পূৰ্বেই বহু চৰ্চা লাভ কৰিছে। উৰণসেতুখনক লৈ বহু বিতৰ্কও হৈছে। কিন্তু সকলো সামৰি লোক নিৰ্মাণ বিভাগে প্ৰায় ২৮ মাহত এই উৰণসেতুখন নিৰ্মাণ কৰি উলিয়াইছে। আজি সন্ধিয়া যান-বাহন চলাচলৰ বাবে এই বিশাল উৰণসেতুখন মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে এই উৰণসেতুখন মুকলি কৰাৰ পিছতেই যানজঁটৰ সমস্যা নাইকীয়া হ’ব বুলি আশা কৰা হৈছে।