ৰোগীৰ বাবে ঔষধ ক্ৰয় কৰাক লৈ যেন এতিয়া ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছে। ৰাজ্যৰ ফাৰ্মাচী ভেজাল ঔষধেৰে ভৰি পৰা দেখিবলৈ পোৱা গৈছে। অসমৰ পৰীক্ষাগাৰত ধৰা পৰিল বিপজ্জনক ঔষধ।

Central Drugs Standard Controlৰ পৰীক্ষাত ধৰা পৰিছে এই তথ্য। সংস্থাটোৰ প্ৰতিবেদন মতে বিভিন্ন ৰোগৰ ২০৫বিধ ঔষধ ভেজাল। সাধাৰণ জ্বৰত ব্যৱহৃত পেৰাচিটামল এতিয়া হ’ল কাল। Central Drugs Standard Control organisation ফালৰ পৰা ২০৫বিধ ঔষধক অযোগ্য ঘোষণা কৰা হৈছে। বিভিন্ন ৰোগৰ ২০৫বিধ ঔষধত ভেজালতা দেখিবলৈ পোৱা গৈছে। ২০৫বিধ ঔষধৰ ৬৪ বিধ নিৰ্মাণ কৰা হৈছিল Central Drug লেবৰেটৰীত।
কেৱল পেন40, পেৰাচিটামলেই নহয় বিভিন্ন ৰোগৰ ঔষধৰ নকল ধৰা পৰিছে। গুৱাহাটীৰ Central লেবৰেটৰীত ধৰা পৰিছে ৯ বিধ ভেজাল ঔষধ। আৰু এই ৯ বিধ ঔষধেই এলগেন হেল্থ কেয়াৰ উৎপাদিত। শেহতীয়াকৈ পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য।