ৰাজ্যৰ যুৱ লেখকসকললৈ ৰাজ্যবাসীৰ এক বৃহৎ পদক্ষেপ।ৰাজ্যৰ ৮১৮ গৰাকী যুৱ লেখকে লাভ কৰিব ২৫০০০ কৈ টকা।৪০ বছৰৰ অনুৰ্ধ্বৰ ৮১৮ গৰাকী যুৱ লেখকে লাভ কৰিব ২৫০০০ কৈ টকা। আজি ২৪ ডিচেম্বৰ অৰ্থাৎ বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অসম গ্ৰন্থমেলা অনুষ্ঠানত প্ৰদান কৰা হ’ব এই বিশেষ সন্মান। গ্ৰন্থবৰ্ষ ২০২৫ ৰ উপলক্ষে অসমৰ যুৱ সাহিত্যক সকললৈ চৰকাৰে প্ৰদান কৰে এক বিশেষ সন্মান।

বিভিন্ন বিষয়ৰ ওপৰত নিজৰ যুক্তিগত সমালোচনা আগবঢ়োৱা তথা বিভিন্ন লেখনিৰে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰা কৰা যুৱ লেখকক উৎসাহিত কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিছে এক বৃহৎ পদক্ষেপ।ইয়াৰ জৰিয়তে নতুন যুৱ লেখকসকলক উৎসাহিত কৰাৰ এক চেষ্টা চলায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আজি সন্ধিয়া ৫ বজাত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত ৰাজ্যৰ ৮১৮ গৰাকী যুৱ লেখকক প্ৰদান কৰা হ’ব যুৱ লেখক সন্মান ।