Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

এক নতুন ৰূপত প্ৰাণ পাই উঠিছে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম নগৰী বটদ্ৰৱা।বটদ্ৰৱাক এক বিশ্বমানৰ আধ্যাত্মিক আৰু পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা চলাইছে ৰাজ্য চৰকাৰে।গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত নিৰ্মাণ কৰা হৈছে এক বৃহৎ প্ৰকল্প।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে বটদ্ৰৱাৰ বেদখল ভূমি মুক্ত কৰাৰ লক্ষ্যৰে বটদ্ৰৱাত নিৰ্মাণ কৰিছে বটদ্ৰৱা প্ৰকল্পৰ। বটদ্ৰৱাৰ বৃহত্তৰ অঞ্চল বেদখলকাৰীৰ কবলৰ পৰা বচাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰে এই বৃহৎ সিদ্ধান্ত।২৯ ডিচেম্বৰত গৃহমন্ত্ৰী অমিত শ্বাহে শুভাৰম্ভ কৰিব বটদ্ৰৱা নৱ নিৰ্মিত প্ৰকল্পৰ।বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱৰ কলা কৃষ্টি সংৰক্ষণ কৰাৰ লক্ষ্যৰে বটদ্ৰৱাত নিৰ্মাণ কৰা হৈছিল বটদ্ৰৱা প্ৰকল্পৰ।শ্ৰী মন্ত শংকৰদেৱ গুৰুজনাৰ পুণ্যস্মৃতি বিজড়িত শ্ৰী শ্ৰী বটদ্ৰৱা থান এলেকাৰ ভূমি অসম চৰকাৰে বেদখলমুক্ত কৰিছিল।অসমৰ জাতীয় জীৱনৰ লগতে ভাৰতৰ আধ্যাত্মিক ঐতিহ্য বহন কৰা এটি পবিত্ৰ স্থানৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প আৰম্ভ কৰা হৈছিল।

বেদখলকাৰীৰ কবলৰ পৰা ভূমি মুক্ত কৰাৰ লগতে এক আধ্যাত্মিক পৰ্যটনৰূপে গঢ়ি উঠিব বটদ্ৰৱা প্ৰকল্প।কোটি টকা ব্যয়েৰে অত্যাধুনিক ৰূপত নিৰ্মাণ কৰি উলিওৱা হৈছে বটদ্ৰৱা প্ৰকল্প।উদ্বোধনৰ প্ৰাক মুহূৰ্তত পীয়ুষ হাজৰিকা,ৰূপক শৰ্মাই পৰিদৰ্শন কৰে বটদ্ৰৱা প্ৰকল্প।

Wordpress Social Share Plugin powered by Ultimatelysocial