অসমৰ এখন সত্ৰই নীৰৱে বিনায়।কিন্তু নুশুনে কোনেও। নিতৌ হাত বাউলি মাতে সত্ৰ খনে। কিন্তু আগবাঢ়ি নাযায় কোনেও। এই বিশেষ সত্ৰ খনৰ মাটি কালিৰ তথ্য জানিলে আপুনি আচৰিত হ’ব। এই বিশেষ সত্ৰ খনৰ বৰ্তমান মাটি কালি মাত্ৰ ১৭ লেচা। এই সত্ৰ খন হৈছে নগাঁৱৰ ধিঙৰ পানবাৰী সত্ৰ। অৱশ্যে এই সত্ৰ খনৰ নাই কোনো চিন চাব।মহাপুৰুষ গুৰুজনাৰ স্মৃতি বিজড়িত এই সত্ৰ খন কালৰ সোঁতত বিলীন হৈ যায়। বিভিন্ন কাৰণত সত্ৰ খনৰ ওচৰত থকা হিন্দু সম্প্রদায়ৰ লোক সকল অন্য ঠাইলৈ আতঁৰি যোৱাৰ পিছতেই পানবাৰী সত্ৰ খন কালৰ সোঁতত বিলীন হয়।
সত্ৰ খনৰ মাহ ধুৱা পুখুৰীত মুছলমান লোক সকলে নিৰ্মান কৰিছে এটা মছজিদ।তাৰোপৰি সত্ৰৰ ভূমিত নিৰ্মাণ কৰা হৈছে এটা ইটা ভাটাও। যাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। উল্লেখ্য যে, এই সত্ৰ খন পুনৰ উদ্ধাৰৰ বাবে সত্ৰৰ ভূমি সংৰক্ষণ আৰু পৰীক্ষণ আয়োগে চৰ জমিন তদন্ত কৰি চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিছে।
আনহাতে পানবাৰী সত্ৰৰ কাষতে থকা ধিং পানবাৰী গ্ৰেজিং ৰিজাৰ্ভত একাংশ অবৈধ বেদখলকাৰীয়ে দখল কৰি ঘৰ দুৱাৰ সাজি বছৰ বছৰ ধৰি বসবাস কৰি আহিছে ।
নগাঁৱৰ লগতে ধিঙৰ বিভিন্ন দল সংগঠন আৰু সচেতন ৰাইজে পানবাৰী সত্ৰ খন পুনৰ উদ্ধাৰৰ লগতে পানবাৰী চৰকাৰী গ্ৰেজিং ৰিৰ্জাভ বেদখল মুক্ত কৰিবলৈ চৰকাৰ প্ৰশাসনক দাবী জনাইছে। সত্ৰ খনত কোনো ভকত বৈষ্ণৱ নথকাৰ বাবে একাংশ সংখ্যালঘু লোকে সত্ৰৰ ভূমিত বসবাস কৰিবলৈ লয়। আনকি সেই ভূমি বেদখলকাৰী সকলৰ নামত ৰহস্যজনক ভাবে ম্যাদী হৈ পৰে।