Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

এখন ছাত্ৰশূণ্য চৰকাৰী আইন মহাবিদ্যালয়

By Author Kandarpa Gogoi June 7, 2025 1:12 pm

মহাবিদ্যালয়খনৰ নাম চৰকাৰী আইন
মহাবিদ্যালয়,ৰঙিয়া। প্ৰায় ডেৰ বছৰ পূৰ্বে চৈধ্য কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল এই চৰকাৰী আইন মহাবিদ্যালয়খন। গুৰুত্ব নাই অসমৰ ব্যাগোম শিক্ষা বিভাগৰ। মহাবিদ্যায়খন বাহিৰে-ভিতৰে চূণ তেল সানি,শীত তাপ নিয়ন্ত্ৰিত যন্ত্ৰ লগাই আটকধুনীয়া কৰা হ’ল থিকেই কিন্তু আজিলৈ আৰম্ভণিহে কৰা নহ’ল পাঠদান। মহাবিদ্যালয়খনত শিক্ষাদান আৰম্ভ হ’লে উপকৃত হ’ব ৰঙিয়াৰ লগতে কাষৰীয়া অঞ্চলসমূহৰ ছাত্ৰ ছাত্ৰী সকল।

ৰঙিয়া মহাবিদ্যালয় ছাত্ৰ একতা সভা আৰু ৰঙিয়া মহাবিদ্যালয় ছাত্ৰ সন্থাৰ দাবী যে,অচিৰেই এই মহাবিদ্যালয়খন আৰম্ভ নকৰিলে গঢ়ি তোলা হ’ব তীব্ৰ আন্দোলন। ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকাইয়ো জাহিৰ কৰে ক্ষোভ। হিতাধীকাৰীৰ বিপৰীতে শিক্ষামূলক দিশত মনযোগ দিয়াৰ পোষকতা ডেকাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Wordpress Social Share Plugin powered by Ultimatelysocial