Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

বিলাসী গাড়ীত ভ্ৰমণ কৰা বিধায়কে নুবুজে শিক্ষাৰ্থী তথা সাধাৰণ ৰাইজৰ দুশ-দুৰ্দশা,এই অভিযোগ ছাত্ৰ সমাজৰ। পথৰ দুৰৱস্থা, মহাবিদ্যালয়ৰ কাষতেই থকা সুৰাৰ বিপণী বন্ধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সমাজে । ৰঙিয়া নগৰৰ পৰা মহাবিদ্যালয় খনলৈ যোৱা মূল পথত ঠায়ে ঠায়ে পুখুৰী সদৃশ গাঁত। দীৰ্ঘদিনৰ পৰা পথৰ দুৰৱস্থাই জুৰুলা কৰি আহিছিল শিক্ষাৰ্থী তথা পথচাৰি সকলক। উক্ত পথেৰে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয় ,ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু কেবাটাও চৰকাৰী কাৰ্যালয়লৈ নিতৌ অহা যোৱা কৰে শ শ পথচাৰী। পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাই আহিছে সকলোকে। মহাবিদ্যলয়লৈ যোৱা মূলপথৰ ওপৰত মাছ মাৰি প্ৰতিবাদ সাব্যস্ত শিক্ষাৰ্থীৰ।

আনহাতে সুৰাৰ বিপণীৰ স্বত্বাধিকাৰীক তামোল পাণ শৰাই আগবঢ়াই বিপণীখন স্থানান্তৰ অথবা বন্ধ কৰাৰ দাবী জনায় ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে।
ৰঙিয়া মহাবিদ্যালয় আছু গোটৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ ছাত্ৰী সকলে। অচিৰেই পথটো মেৰামতি কৰি যাতায়ত ব্যৱস্থা সুচল কৰাৰ লগতে শৈক্ষিক পৰিবেশ বিনষ্ট কৰা সুৰাৰ বিপণী বন্ধ কৰাৰ দাবী, অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ ভাবুকি।

Wordpress Social Share Plugin powered by Ultimatelysocial