ধুবুৰীত উত্তেজিত ভোটাৰৰ ৰোষত পৰিল আৰক্ষী, নিৰ্বাচনী বিষয়া। বুধবাৰে নিশা আৰক্ষীৰ সৈতে খণ্ডযুদ্ধ ভোটাৰ ৰাইজৰ। এজন ব্যক্তিয়ে বাৰে বাৰে জালিয়াতিৰে ভোট দিয়াৰ গুৰুতৰ অভিযোগ তুলি বেলট বাকচ ভোট কেন্দ্ৰৰ পৰা লৈ যোৱাত বাধা দিয়ে ভোটাৰ ৰাইজে। ধুবুৰী ভাষানীচৰ গাঁও পঞ্চায়তৰ আৰফাতুন নেছা এম,ই স্কুলত সংঘটিত হয় এই ঘটনা। ভোটদান প্ৰক্ৰিয়া শেষ হৈ যোৱাৰ পাছতে এগৰাকী প্ৰাৰ্থীৰ হৈ মহিবুল নামৰ এজন লোকে ভুৱা পোলিং এজেণ্ট বুলি পৰিচয় দি ১০০ টাৰো ৰো অধিক জালিয়াতিৰে ভোট দিয়া অভিযোগ তুলি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কিছু সময় ধৰি ভোট কেন্দ্ৰতে আবদ্ধ কৰি ৰখা হয় প্ৰিজাইডিং আৰু পোলিং বিষয়া সকলক। ঘটনা ইমানেই ভয়ংকৰ হয় যে আৰক্ষীয়ে ভোট কেন্দ্ৰটোৰ পৰা উদ্ধাৰ কৰি লৈ অনাৰ সময়চোৱাতে ভোটাৰ ৰাইজে পোলিং আৰু প্ৰিজাইডিং বিষয়া সকলক লৈ টনাআজোৰা কৰে। পাছত নিৰ্বাচনী বিষয়া আৰু অধিক আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছতে পৰিস্থিতি নিয়ন্ত্ৰণ হয়। ইপিনে এই সমগ্ৰ ঘটনাত পোলিং আৰু প্ৰিজাইডিং বিষয়া জড়িত বুলি অভিযোগ ৰাইজৰ।