Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

দ্বিতীয় পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই আকৰ্ষণীয় হৈ পৰিছে প্ৰাৰ্থী সকলৰ মাজত তৎপৰতা। অন্যান্য ৰাজনৈতিক দলসমূহৰ সমান্তৰালকৈ তীব্ৰ ভাবে নিৰ্বাচনী যুঁজত নামিছে পূৰ্বৰ বৰঘুলী গাঁও পঞ্চায়তৰ সভাপতি তথা বৰ্তমানৰ বৰঘুলী আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী চুৰহাব উদ্দীন চাহাব। সহস্ৰাধিক লোকৰ উপস্থিতিত গৰৈমাৰীত অনুষ্ঠিত এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিগত বৰ্ষৰ কাৰ্যকালত সম্পন্ন কৰা কামৰ খতিয়ান ৰাইজৰ সন্মুখত দাঙি ধৰিলে প্ৰাৰ্থী গৰাকীয়ে।

চুৰহাব উদ্দীনক বৰঘুলী বাসীয়ে গৰিবৰ বন্ধু হিচাপেই চিনি পায়। বিগত সময়ত কংগ্ৰেছ দলৰ বেনাৰত সভাপতি হিচাপে বিজয়ী হৈ সকলোকে সমদৃষ্টিৰে চাই দুখীয়া দৰিদ্ৰৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি আহিছে প্ৰাৰ্থী গৰাকীয়ে। সেয়েহে যতেই প্ৰাৰ্থী গৰাকীয়ে নিৰ্বাচনী সভা আহ্বান কৰিছে স্বতঃস্ফুতভাৱে তাতেই হাজাৰ হাজাৰ ৰাইজৰ সমাগম হৈছে। ৰাইজৰ মৰম আৰু আশীৰ্বাদত বিপুল ভোটত জয়ী হম বুলি মন্তব্য কৰিছে বৰঘুলী আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী চুৰহাব উদ্দীনে।

Wordpress Social Share Plugin powered by Ultimatelysocial