অহা ২৯ ডিচেম্বৰত বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প উদ্বোধন কৰিবলৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। এই ভ্ৰমণৰ কেন্দ্ৰবিন্দু হ’ব গুৱাহাটীত নগৰীয়া নিৰাপত্তা আৰু আইন প্ৰয়োগক শক্তিশালী কৰাৰ লক্ষ্যৰে চিচিটিভি ভিত্তিক নেটৱৰ্ক ইনটেলিজেণ্ট চিটি চাৰ্ভিলেন্স চিষ্টেম (ICSS)ৰ উদ্বোধন। গুৱাহাটী আৰক্ষী আয়ুক্তৰ নৱনিৰ্মিত কাৰ্যালয়টোও আনুষ্ঠানিকভাৱে মুকলি কৰিব গৃহমন্ত্রীগৰাকীয়ে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰাৰ পূৰ্বে সোমবাৰে পুৱাই বটদ্ৰৱা প্ৰকল্পত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । পুৱাই বটদ্ৰৱা প্ৰকল্পত উপস্থিত হৈ বটদ্ৰৱা প্ৰকল্প পৰিদর্শন কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই। ৫ হাজাৰ লোক বহিব পৰা বৃহৎ প্ৰেক্ষাগৃহ জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্পও গৃহমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰাৰ কথা আছে। এই প্ৰেক্ষাগৃহটো পূব ভাৰতৰ ভিতৰতে সৰ্ববৃহৎ আৰু সাংস্কৃতিক অনুষ্ঠানৰ এক প্ৰধান স্থান হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
আনহাতে গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ৬০ হেজাৰ ৰাইজৰ সমাগম হোৱাৰ পৰিকল্পনা কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। নগাঁও বটদ্ৰৱা সমষ্টি, ৰহা সমষ্টি, বঢ়মপুৰ সমষ্টি, জাগীৰোড সমষ্টি, কলিয়াবৰ সমষ্টিৰ সকলো অঞ্চলৰ পৰা ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকিব বুলিও প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।