Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

সমাগত পঞ্চায়ত নিৰ্বাচন ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধিছে প্ৰাৰ্থী সকলে ৷ বিভিন্ন পঞ্চায়তৰ ৱাৰ্ডে ৱাৰ্ডে নিৰ্বাচনী প্ৰচাৰ তুংগত হৈ উঠিছে । সমান্তৰালকৈ শদিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত কাকপথাৰ গাঁও পঞ্চায়তৰ বিজেপি সৰ্মথিত প্ৰাৰ্থী সকলক জয় কৰা লক্ষ্যৰে নামি পৰিছে দলীয় কৰ্মী । পঞ্চায়তটোৰ ৯ নম্বৰ ৱাৰ্ডৰ দ-পথাৰ গাঁৱত বিজেপি কৰ্মকৰ্তা সকলে চলাইছে প্ৰচাৰ ৷ কাকপথাৰ জিলা পৰিষদৰ অধীনস্থ কাকপথাৰ গাঁও পঞ্চায়তত শাসকীয় বিজেপি অগপ মিত্ৰজোটৰ দলে ভোটাৰৰ মন জয় কৰিবলৈ উঠি পৰি লগা দেখিবলৈ পোৱা গৈছে । শদিয়াৰ বিভিন্ন পঞ্চায়তৰ ৱাৰ্ড সমূহত বিধায়ক বলিন চেতিয়াই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ থকাও দেখিবলৈ পোৱা গৈছে ৷

Wordpress Social Share Plugin powered by Ultimatelysocial