ৰাজ্যত চলি আছে মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা।তেজপুৰৰ পৰা আৰম্ভ হোৱা জন আশীৰ্বাদ যাত্ৰা মধ্য অসম হৈ আজি বিহপুৰীয়াত উপস্থিত হৈছে।ভূপেন বৰাৰ লগত বিহপুৰীয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ জন আশীৰ্বাদ যাত্ৰা।
এই জন আশীৰ্বাদ যাত্ৰাৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ দেখুৱালে মহানুভৱতা।জন সমুদ্ৰত পৰিণত হোৱা হিমন্ত বিশ্ব শৰ্মাৰ জন আশীৰ্বাদ যাত্ৰাৰ সময়ত ৰাজপথত হঠাৎ আহিল এখন এম্বুলেন্স।ততাতৈয়াকৈ এম্বুলেন্সখন যাবলৈ বাট মুকলি কৰি দিলে মুখ্যমন্ত্ৰীয়ে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো কৰ্মকৰ্তাক ক’লে যে মুখ্যমন্ত্ৰীৰ ”জন আশীৰ্বাদ যাত্ৰা” এম্বুলেন্সৰ বাবে বাধাৰ প্ৰাচীৰ হ’ব নালাগে।এম্বুলেন্সক বাট এৰি দিবলৈ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।সেৱাৰ লগতে দায়িত্ব পালন কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
