লামডিং নামঘৰ। ৬৫ বছৰীয়া পুৰণি তথা ১৯৬০ চনতে লামডিঙৰ হৰুলংফাৰ বজাৰত স্থাপিত হৈছিল এই নামঘৰটি ৷ ৰেল চহৰত কৰ্ম ব্যস্ততাৰ মাজতো হৰিনাম ল’বলৈকে স্থাপন কৰি হৈছিল এই নামঘৰভাগিৰ ৷ কিন্তু আজি নামঘৰটিৰ নথকাৰ উপক্ৰম হৈছে ৷ নামঘৰটিৰ মনিকূটৰ স্থাপনা ভাগিক নতুন ঠাইৰ প্ৰয়োজন হৈছে ৷ কিয়নো ৰেল বিভাগৰ ফালৰ পৰা লামডিঙৰ প্ৰথম তথা আটাইতকৈ পুৰণি নামঘকভাগিলৈ ৰেল বিভাগে জাৰি কৰিছে উচ্ছেদৰ জাননি ৷ যাৰফলত এতিয়া ভকত গোপিনিসকল দুখত ভাঙি পৰিছে ৷ ৰেল বিভাগৰ দ্বৈত ৰেলপথ নিৰ্মাণৰ বাবেই হৰুলংফাৰ বজাৰৰ বহু ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে এই লামডিং নামঘৰটিলৈও উচ্ছেদৰ জাননি প্ৰেৰণ কৰিছে ৷
নামঘৰৰ ৰাইজে কিছুদিনৰ সময় বিছাৰি তথা নামঘৰটিৰ বাবে বিকল্প ঠাই বিচাৰি লামডিঙৰ ৰেলৱে মাণ্ডলিক প্ৰৱন্ধকক এখনি স্মাৰকপত্ৰ দাখিল কৰিছিল যদিও কোনো সঁহাৰি লাভ নকৰিলে ৰাইজে ৷ হয়তু অহা ৪ মে তাৰিখে নামঘৰটিৰ ওপৰত জেচিবি বুল্ডজাৰ চলাব ৰেলবিভাগে ৷ যাৰ ফলত এতিয়া লামডিঙৰ এই সকল ৰাইজ ভাঙি পৰা পৰিলক্ষিত হৈছে ৷