Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

সমাগত বিধানসভাৰ নিৰ্বাচন। মাজত মাত্ৰ কেইটামান দিন বাকী। ৰাজ্যৰ চৌদিশে এতিয়া নিৰ্বাচনী বতাহ। প্ৰস্তুতি তুংগত প্ৰটিতো ৰাজনৈতিক দলৰ। প্ৰতিটো দলেই নিজা নিজাকৈ আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। প্ৰতিটো সমষ্টিতেই এতিয়া প্ৰাৰ্থী সকল কাষ চাপিছে ৰাইজৰ। মৰিয়নি সমষ্টিত ধনু নামেৰে খ্যাত ৰূপজ্যোতি কুৰ্মীৰ বিপৰিতে দেখা যাব ৰাইজৰ দলৰ প্ৰাৰ্থী ড০ জ্ঞানশ্ৰী বৰাক। ৰাইজৰ দলৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশৰ পাছতেই অধ্যাপিকাৰ চাকৰি ত্যাগ কৰি অহা জ্ঞানশ্ৰী বৰা নামিছে নিৰ্বাচনী প্ৰচাৰত । ‌কোনোবা এজনী আহিছে বোলে ,ৰাইজৰ দল নে জাতীয় পৰিষদ দলৰ পৰা দেখিবলৈ ধুনীয়া বুলি কৈছে ।কিবা প্ৰচাৰ চলোৱা বুলিও শুনিছোঁ, মই কোৱা হে শুনিছোঁ । ইয়াত কোনোবাই আহি খলখলীয়া,টকটকীয়া মাতেৰে ভাষন দিব আৰু মোক বুলে পৰাজয় কৰিব বিচাৰিব। কিন্তু মৰিয়নি সমষ্টিত এইবোৰ কৰি লাভ নাই
জ্ঞানশ্ৰী বৰাক প্ৰত্যাহবান জনায় মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কৰিছে এই মন্তব্য । এতিয়া মৰিয়নি সমষ্টিত কোনে মাৰিব বিজয়ৰ হাঁহি সেইয়া সময়ত হ’ব লক্ষ্যনীয়

Wordpress Social Share Plugin powered by Ultimatelysocial