Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

জুবিন গাৰ্গৰ মৃত্যুৰ চূড়ান্ত ৰায়দান দিলে ছিংগাপুৰৰ ক’ৰনাৰ্ছ আদালতে।জুবিনৰ মৃত্যুক দুৰ্ভাগ্যজনক আৰু আকস্মিক ঘটনা আখ্যা দিলে ছিংগাপুৰৰ ক’ৰনাৰ্ছ আদালতে। কেইবাটাও শুনানিৰৰ অন্তত আজি এই ৰায় দিয়ে ছিংগাপুৰৰ ক’ৰনাৰ্ছ ক’র্টে।


ছিংগাপুৰৰ ক’ৰনাৰ্ছ আদালতত কয় যে ‘‘আকস্মিকভাৱে পানীত ডুবি মৃত্যু হৈছিল জুবিন গাৰ্গৰ।’’ হত্যাৰ কোনো তথ্য প্ৰমাণ পোৱা নাই ক’ৰনাৰ্ছ ক’ৰ্টে। আকস্মিকভাৱে পানীত ডুবি জুবিনৰ মৃত্যু হোৱা বুলি উল্লেখ ৰায়ত।শুনানিত উপস্থিত আছিল জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰ আৰু জুবিন গাৰ্গৰ পুত্ৰসম ৰাহুল গৌতম শৰ্মা।বিগত ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনক অৱস্থাত মৃত্যু হৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ। জুবিন গাৰ্গৰ মৃত্যুক হত্যাৰ আখ্যা দিছিল মুখ্যমন্ত্ৰীয়ে। অসম আৰক্ষীৰ SITএ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰি ১২ হাজাৰ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছিল। ইফালে ফাৰ্ষ্টটেক আদালত আৰম্ভ হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত।

Leave a Reply

Your email address will not be published. Required fields are marked *

Wordpress Social Share Plugin powered by Ultimatelysocial