Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

আজি অসম উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ।কেন্দ্রীয় গৃহমন্ত্রী গৰাকীয়ে নিশাটো কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত কটাব বুলি জানিব পৰা গৈছে।

সোমবাৰে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ লগতে এখন ৰাজহুৱা সভাটো অংশ ল’ব । গৃহমন্ত্রী অমিত শ্বাহে অসম আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনাব ৷ তাৰ পাচতে তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান নগাঁৱৰ বটাদ্ৰৱা থানলৈ ৰাওনা হ’ব ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সত পোষ্ট কৰি কয় যে, ‘‘গুৱাহাটীৰ সুৰক্ষাৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে । ২৯ ডিচেম্বৰত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত আৰু এটা ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰ’ল চিষ্টেম উদ্বোধন কৰিবলৈ সাজু হৈছে, যিয়ে নিৰাপত্তা আৰু জৰুৰীকালীন সঁহাৰি ব্যৱস্থাক শক্তিশালী কৰিবলৈ ২০০০ৰো অধিক চিচিটিভি নিৰীক্ষণ কৰিব ।”

এসময়ত একাংশ লোকে বেদখল কৰি থকা বটদ্ৰৱাৰ ভূমি বেদখলমুক্ত কৰি বিজেপি চৰকাৰে হাতত লৈছিল বটদ্ৰৱা প্ৰকল্প নিৰ্মাণৰ কাম । বৃহত্তৰ বটদ্ৰৱাৰ ৮০০ বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ পাছত গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানৰ কাষৰ ১০০ ৰো অধিক বিঘা ভূমিত এই বটদ্ৰৱা প্ৰকল্পৰ নির্মাণকার্য কৰা হৈছে ৷

২০০ কোটি টকীয়া এই প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পাচত ভকত-বৈষ্ণৱ তথা দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷

Wordpress Social Share Plugin powered by Ultimatelysocial