Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

অসমত বাংলাদেশী লোকৰ প্ৰব্ৰজনে ভয়ংকৰ ৰূপ লৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত এই বিষয়ে উল্লেখ কৰি কয় যে ২০১১ চনৰ লোকপিয়লত যদি আমি অসমত হিন্দু আৰু মুছলমানৰ বিকাশ চাওঁ মুছলমানৰ সংখ্যা মুছলমান ৩৪ শতাংশ। ৩ শতাংশ অসমীয়া মুছলমানৰ সংখ্যা বাদ দিলে অসমত বাংলাদেশৰ পৰা প্ৰব্ৰজন কৰা মুছলমানৰ সংখ্যা ৩১ শতাংশ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য যে প্ৰত্যেক লোকপিয়লতে ৪ শতাংশ বৃদ্ধি পায় প্ৰব্ৰজিত হোৱা মুছলমানৰ সংখ্যা। ২০২১ ৰ লোকপিয়ল হোৱা নাই ২০২৫ ৰ লোকপিয়লত আৰু বৃদ্ধি পাব মিঞা মুছলমানৰ সংখ্যা।

২০২৭ ত অসমত বাংলাদেশী মূলৰ মিঞা মুছলমানৰ সংখ্যা ৪০ শতাংশ হ’ব।বাংলাদেশৰ শেহতীয়া ঘটনাৱলীয়ে আমাক বুজাইছে যে তেওঁলোকৰ বাবে ধৰ্ম ডাঙৰ। ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পন হৈছে হিন্দুৰ মূল লক্ষ্য।

এই বৰ্ধিত প্ৰব্ৰজনকাৰীসকলে অসমৰ জনগাঁথনি সলনি কৰিছে। ৰাজনৈতিক,অৰ্থনৈতিক ভাৱে গ্ৰাস কৰিছে আমাক। এয়া অসমৰ বাবে ভয়ংকৰ সংকট।

Wordpress Social Share Plugin powered by Ultimatelysocial