Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

ONGCৰ বাবে পুনৰ শিৱসাগৰত বিপদ! জয়সাগৰৰ জোনাকি নগৰত মাটি ফুটি ওলাল খাৰুৱা তেলৰ ফোঁৱাৰ। তেলৰ ফোঁৱাৰৰ পূৰ্বে হৈছিল মৃদু কম্পন।
কৃষ্ণ দাস নামৰ এজন লোকৰ বাসগৃহত খাৰুৱা তেলৰ ফোঁৱাৰ উদ্ধাৰ হয়। তাৰ পিছতে হাঁহাকাৰ লাগিছে পৰিয়ালটোৰ মাজত।


খবৰ দিয়াৰ চাৰি ঘন্টাৰ পিছতো ঘটনাস্থলীত ONGC ৰ কৰ্মচাৰী উপস্থিত নোহোৱাৰ অভিযোগ। ঘটনাস্থলীত উপস্থিত হৈছে ৰাজ্যিক অগ্নিনিৰ্বাপক বাহিনীৰ বাহন। উল্লেখ্য যে বিগত মাহত শিৱসাগৰত অহৰহ ONGCৰ গেছ নিৰ্গত হোৱাৰ ফলত সমস্যাত পৰিছিল এটা অঞ্চল। দীৰ্ঘদিন ধৰি গেছ নিৰ্গত হোৱাৰ পিছত আমেৰিকাৰ পৰা অহা বিশেজ্ঞই সমাধান কৰিছিল গেছ নিৰ্গতৰ সমস্যা। পুনৰ মাটি ফুটি ওলাল খাৰুৱা তেলৰ ফোঁৱাৰৰ ফলত সৃষ্টি হোৱা বিপদৰ বাবে চিন্তিত হৈছে অঞ্চলটোৰ ৰাইজ।

Wordpress Social Share Plugin powered by Ultimatelysocial