কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন আবেদন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
বিপদ বাঢ়িল কংগ্ৰেছ নেতা পৱন খেড়াৰ। পৱন খেড়াৰ অগ্ৰিম জামিন আবেদন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। নিৰ্বাচনী বতাহৰ মাজতে এই খবৰে breaking news Assam ৰূপে তীব্ৰ চৰ্চা লাভ কৰিছে।
মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে অভিযোগ
বিধান সভাৰ নিৰ্বাচনৰ সময়ছোৱাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ ৩ খন দেশৰ পাছপ'ৰ্ট থকা বুলি বিৰুদ্ধে অভিযোগ আনিছিল পৱন খেড়াই । এই অভিযোগৰ পাছতেই মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ক্ৰাইম ব্ৰাঞ্চত গোচৰ তৰিছিল পৱন খেড়াৰ বিৰুদ্ধে। এই গুৰুত্বপূৰ্ণ ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যবাসীয়ে latest news Assam ৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিছে।
উচ্চ ন্যায়ালয়ৰ শুনানি আৰু পৰৱৰ্তী পদক্ষেপ
আনহাতে তেলেংগানা উচ্চ ন্যায়ালয়ৰ অগ্ৰিম ট্ৰেনজিৎ জামিন দিয়াৰ পাছত উচ্চতম ন্যায়ালয়ে চৰকাৰৰ আবেদনৰ পাছত অসমৰ সংশ্লিষ্ট আদালতত আবেদনৰ নিৰ্দেশ দিছিল। অগ্ৰিম জামিন আবেদনৰ শুনানিৰ অন্তত আজি ৰায়দান দিয়ে গুৱাহাটী উচ্চ ন্যায়ালৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ আদালতে। breaking news Guwahati ৰ খবৰ অনুসৰি, কংগ্ৰেছ নেতা পৱন খেড়াৰ হৈ আদালতত যুক্তি দিছিল অধিবক্তা অভিশেষ মন সিংভিয়ে, যুক্তি দিছিল কমল নয়ন চৌধুৰীয়ে আৰু চৰকাৰৰ হৈ যুক্তি দিছিল দেৱজিৎ লন শইকীয়াই ।
গ্ৰেপ্তাৰৰ সম্ভাৱনা
এতিয়া যিকোনো মূহুৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে কংগ্ৰেছ নেতা পৱন খেড়া। গুৱাহাটীত চলি থকা এই ৰাজনৈতিক পৰিঘটনাসমূহৰ লগতে সকলো নিৰ্ভৰযোগ্য latest news Guwahati আপডেটৰ বাবে আমাৰ সৈতে সদায় সংযুক্ত হৈ থাকক।