Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

পঞ্চায়ত নিৰ্বাচনৰ দিন সমাগত হোৱাৰ প্ৰেক্ষাপটত ৰাজ্যত সৰৱ হৈ পৰিছে বিৰোধী ঐক্য মঞ্চ। শাসকীয় দলৰ লগতে বিৰোধী দলবোৰেও ৰাজ্যৰ পঞ্চায়ত দখলৰ বাবে কঁকালত টঙালি বান্ধিছে। বিজেপি চৰকাৰৰ স্বৈৰাচাৰী নীতিৰ বিৰুদ্ধাচৰণ কৰি বিৰোধী ঐক্যৰ নেতৃত্বই সমষ্টি পুনঃনিৰ্ধাৰণৰ প্ৰক্ৰিয়া কেৱল শাসকীয় দলৰ মন্ত্ৰী-বিধায়কক জড়িত কৰি প্ৰকাশ কৰা চৰকাৰী জাননী বাতিলৰ বাবে দাবী জনাই আহিছে।

মঙলবাৰে বিৰোধী ঐক্যৰ সন্মিলিত নেতৃত্বই পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ডিলিমিটেশ্যন (সমষ্টি পুনঃনিৰ্ধাৰণ) প্ৰক্ৰিয়া কেৱল শাসকীয় দলৰ মন্ত্ৰী-বিধায়কক জড়িত কৰি প্ৰকাশ কৰা চৰকাৰী জাননী বাতিল কৰিবৰ বাবে মুখ্য সচিবক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে।

তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি তথা প্ৰাক্তন সাংসদ ৰিপুণ বৰা আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত ১২টা ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে মঙলবাৰে মুখ্য সচিবগৰাকীক সাক্ষাৎ কৰি বিজেপি চৰকাৰৰ স্বৈৰাচাৰী নীতিৰ প্ৰতিবাদ জনাই আৰু ডিলিমিটেশ্যনৰ জাননী শুদ্ধ কৰি নতুনকৈ দিবৰ বাবে আহ্বান জনায়।

প্ৰতিনিধি দলটোত কংগ্ৰেছ দলৰ হৈ বিধায়িকা নন্দিতা দাস, এনচিপিৰ পৰেশ বৰুৱা, চিপিআইৰ ৰাজ্যিক সম্পাদক কনক গগৈ, ৰাইজৰ দলৰ চিন্ময় বৰা, চিপিআইএমএলৰ বলীন্দ্ৰ শইকীয়া, পিএলপিৰ চৰণ ডেকা, চিপিআইএমৰ নগেন ভূঞা, ফৰৱাৰ্ড ব্লকৰ তপন দেৱনাথ উপস্থিত থাকে। মুখ্য সচিবগৰাকীয়ে বিৰোধী ঐক্য মঞ্চৰ স্বাৰক পত্ৰ গ্ৰহণ কৰি বিষয়টো বিবেচনা কৰাৰ আশ্বাস প্ৰদান কৰে

Wordpress Social Share Plugin powered by Ultimatelysocial