অশোক গছৰ পুলি ৰোপণ কৰি অমৃত বৃক্ষ আন্দোলন ২.০ৰ আজি শুভাৰম্ভ কৰা হয়। বৃহস্পতিবাৰে দিশপুৰস্থিত মন্ত্ৰীসকলৰ আৱাসিক চৌহদত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত বনাঞ্চল বৃদ্ধি, সেউজকৰণৰ লগতে অৰ্থনীতি, কৃষি বনানীকৰণ খণ্ডৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে নাগৰিকৰ সহযোগিতাৰে এই বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰে। বিগত বৰ্ষৰ পাছত এই বৰ্ষত “এজুপি গছ মাৰ নামত” শীৰ্ষক বিষয়বস্তুৰে ৰাজ্য চৰকাৰে ১৫ আগষ্ট পৰ্যন্ত ৰাজ্যত ৩ কোটি বাণিজ্যিক উপযোগী গছ ৰোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
দিশপুৰৰ বৃক্ষৰোপণ কাৰ্যসূচীৰ অন্ততঃ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদ মাধ্যমৰ আগত সদৰি কৰি কয় যে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰন্দ্ৰ মোদীয়ে এক পেড় মা কে নাম শীৰ্ষক কাৰ্যসূচীৰ আধাৰত ৰাজ্যতো এজুপি গছ মাৰ নামত শীৰ্ষক বিষয়ৰে এইবাৰৰ বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰিছে। এগৰাকী মাতৃৰ বাবে সন্তানৰ মমতা যিমান সেই ভিত্তিতে আমি পৰিৱেশৰ প্ৰতি সজাগ হোৱাৰ বাণী বিলালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ্য যে এইবাৰ ৰোপণ কৰিব বিচৰা ৩ কোটি গছপুলি বন বিভাগে নিজাকৈ নাৰ্চাৰীত উৎপাদন কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে।
অমৃত বৃক্ষ আন্দোলন তথা গছপুলি ধ্বংস হোৱাক লৈ হোৱা সমালোচনা সন্দৰ্ভত প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিগত বৰ্ষত ৰোপণ কৰা গছপুলিৰ ৯৫শতাংশ গছপুলি বৰ্তি আছে বুলি ডঃ শৰ্মাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
বৃক্ষৰোপণ ২.০ৰ আজিৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ লগতে বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিশেষ মুখ্য সচিব (বন) এম কে যাদৱ, বিশেষ মুখ্য সচিব (পৰিৱেশ আৰু বন) ৰবি শংকৰ প্ৰসাদ, প্ৰধান মুখ্য বন সংৰক্ষক তথা বন বাহিনীৰ মূৰব্বী আৰ পি সিঙকে ধৰি একাধিক বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।