শিৱসাগৰ সমষ্টিটো বিজেপিয়ে দিলে প্ৰাৰ্থীত্ব।শিৱসাগৰ সমষ্টিটো অগপক এৰি দিছিল বিজেপিয়ে। এন ডি এৰ প্ৰাৰ্থী হিচাপে পূৰ্বে প্ৰদীপ হাজৰিকাক প্ৰাৰ্থিত্ব দিয়া হৈছিল। মনোনয়ন পত্ৰও দাখিল কৰিছে প্ৰদীপ হাজৰিকাই। কিন্তু তাৰ পিছতো পুনৰ বিজেপিয়ে এই সমষ্টিটোত আগবঢ়ালে প্ৰাৰ্থিত্ব। শিৱসাগৰ সমষ্টিত কুশল দুৱৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে বিজেপিয়ে। বিজেপিৰ প্ৰাৰ্থী হিচাপে আজি মনোনয়ন দাখিল কৰিলে কুশল দুৱৰীয়ে

এইবাৰৰ বিধানসভা নিৰ্বাচনত ৯০টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে। তাৰ বিপৰীতে অগপক ২৫টা আৰু বিপিএফক ১১টা সমষ্টি এৰি দিছিল মিত্ৰদল হিচাপে। সেই হিচাপতে শিৱসাগৰ সমষ্টিটো অগপক এৰি দিছিল আৰু অগপৰ পৰা প্ৰদীপ হাজৰিকাক প্ৰাৰ্থিত্ব আগবঢ়োৱা হৈছিল। এতিয়া উক্ত সমষ্টিটোতে বিজেপিয়েও কুশল দুৱৰীক প্ৰাৰ্থিত্ব আগবঢ়াইছে। সমষ্টিটোত অগপ-বিজেপিৰ বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে পুনৰ শিৱসাগৰৰ পৰা মনোনয়ন দাখিল কৰিছে