Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

কংগ্ৰেছৰ নেতা প্ৰদ্যুৎ বৰদলৈৰ দলত্যাগে জোঁকাৰণি তুলিছে প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ’ৰাত ৷ মঙলবাৰে কংগ্ৰেছ ত্যাগ কৰাৰ পাছত বুধবাৰে নতুন দিল্লীত বিজেপিত যোগদান কৰে নগাঁও লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে। ইয়াৰ পাছতেই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা তথা অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ দৰেই দেৱব্ৰত শইকীয়াই প্ৰদ্যুৎ বৰদলৈৰ দলত্যাগক দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে ৷

ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেৱব্ৰত শইকীয়াও বিজেপিলৈ আহিব বুলি কৰা এক মন্তব্য সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে নেতাগৰাকীয়ে ৷ তেওঁ কয়, ‘‘মোৰ ক্ষেত্ৰতো বহু কথা ওলাই আছে, মুখ্যমন্ত্ৰীয়ে ভৱিষ্যদ্বাণী কৰি আছে বুলি মই শুনা পাইছোঁ ৷ বিজেপিৰ দৰে এটা সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ আদৰ্শ মই কেতিয়াও গ্ৰহণ নকৰোঁ ৷ মই মোৰ পিতৃ-মাতৃৰ আদৰ্শৰে কলেজীয়া দিনৰ পৰাই কংগ্ৰেছত আছোঁ আৰু এই আদৰ্শত অবিচল হৈ থাকিম ৷ দলত্যাগৰ কথা বিভিন্নজনে বিভিন্ন মাধ্যমত কৈ আছে, সেয়া খুবেই দুৰ্ভাগ্যজনক ৷ মই কেতিয়াও এনে কথা ভবা নাই ৷ আমাৰ দলৰ কৰ্মীক হতাশ কৰিবলৈ এয়া অপচেষ্টা ৷ মই বিজেপিৰ দৰে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে সংবিধান সংশোধন কৰিব খোজা এটা দলৰ প্ৰতি কেতিয়াও সমৰ্থন আগনবঢ়াওঁ ৷’’

Wordpress Social Share Plugin powered by Ultimatelysocial