৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ‘ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা’ৰ ১৬৩ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে হোজাইৰ জিলা দণ্ডাধীশে। আনুষ্ঠানিক অনুমতি অবিহনে ৰাজহুৱা স্থানত পাঁচজন বা তাতকৈ অধিক ব্যক্তিৰ সমাৱেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পৰা ডেগাৰ, লাঠি তৰোৱাল আদিকে ধৰি ৰাজহুৱা স্থানত মাৰাত্মক অস্ত্ৰ কঢ়িয়াই নিব নোৱাৰিব কোনো ব্যক্তিয়ে। অনুমতি অবিহনে ৰাজহুৱা স্থানত সমাৱেশ, ৰাজহুৱা সভা, শোভাযাত্ৰা, ধৰ্মঘট আদিতো নিষেধাজ্ঞা।

কোনো ব্যক্তিয়ে অনুমতি অবিহনে লাউডস্পীকাৰ, মাইক্ৰ’ফোন ব্যৱহাৰ কৰিব নোৱাৰিব। চিকিৎসালয়, শিক্ষানুষ্ঠান, ধৰ্মীয় স্থান আদিৰ সমীপত উচ্চ মাত্ৰাত লাউডস্পীকাৰ ব্যৱহাৰ কৰাত নিষেধাজ্ঞা। যিকোনো প্ৰৰোচনামূলক, ৰাষ্ট্ৰবিৰোধী ইত্যাদি শ্লোগানৰ চিঞৰত নিষেধাজ্ঞা।