Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

মিচিং ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই অসম ৰাজ্যিক কেবিনেটৰ বৈঠকত মঙলবাৰে অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিংসকলৰ ‘আলি-আয়ে লৃগাং’ উৎসৱৰ দিনটোক ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰে । অসম চৰকাৰৰ এই সিদ্ধান্তক উষ্ম আদৰণি জনাইছে মিচিং ৰাইজে। সুদীৰ্ঘ প্ৰায় ৪৫ বছৰৰ অপেক্ষাৰ অন্তত ১০ মাৰ্চ, ২০২৬ তাৰিখে মিচিং জনগোষ্ঠীৰ প্ৰাণৰ উৎসৱ আলি-আয়ে-লৃগাঙৰ ৰাজ্যিক বন্ধ দাবীৰ সফল ৰূপ লাভ কৰিবলৈ সক্ষম হৈছে । এই ঐতিহাসিক সিদ্ধান্ত মিচিং সম্প্ৰদায়ৰ বাবে এক গৌৰৱ আৰু আনন্দৰ মুহূৰ্ত ।

এই সন্দৰ্ভত মিচিং জাতীয় সংগঠনৰ নেতাই কয় যে, “মিচিং জনগোষ্ঠীৰ আটাইতকৈ আনন্দৰ খবৰ যে অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটে মিচিং জনগোষ্ঠীৰ আলি-আয়ে-লৃগাং কৃষিভিত্তিক উৎসৱৰ দিনটোক ৰাজ্যিক বন্ধ হিচাপে স্বীকৃতি প্ৰদান কৰিলে । তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰখনক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ।”

Wordpress Social Share Plugin powered by Ultimatelysocial