ভোগৰ বিহু ভোগালীলৈ মাজত মাথো দুটা দিন বাকী। নঙলাৰ মুখত হেঁপাহৰ ভোগালী। ভোগালীক আদৰিবলৈ ৰাজ্যজুৰি আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি। অসমীয়াৰ মন মগজুত এতিয়া ভোগালীক আদৰাৰ হেঁপাহ। ভোগালী বিহু উপলক্ষে ভোগৰ সামগ্ৰী লাড়ু, পিঠা, চিৰা, দৈ, ক্ৰীম আদিৰে উভৈনদী হৈ পৰিছে প্ৰতিখন বজাৰ। অসমৰ প্ৰান্তে-প্ৰান্তে দেখা পোৱা গৈছে উৎসৱৰ উন্মাদনা আৰু সীমাহীন ব্যস্ততা।

ইয়াৰ সমান্তৰালকৈ অসমৰ প্ৰতিখন গাঁৱতেই ডেকা-বুঢ়া সকলোৱে লগ লাগি মেজি সজাৰ কামত ব্যস্ত হৈ পৰে, ব্যতিক্ৰম নহয় শিৱসাগৰটো। শিৱসাগৰত ভোগালীক আদৰিবলৈ সাজু হৈছে অসমীয়া গৃহিনী। বিহু বিহু লগা পৰিবেশে বিৰাজ কৰিছে ৰাজ্যৰ প্ৰত্যেকটো চুবুৰী। শিৱসাগৰত বিহুৰ বাবে প্ৰত্যেকৰে মন সাতখন আঠখন। ঢেকীৰ শব্দৰে মুখৰিত প্ৰত্যেকটো চুবুৰী। বোৱাৰী সকলৰ ঢেকী শালত তদাৰক কৰিছে বয়সীয়াল আইতায়ো।