
নলবাৰী আঞ্চলিক কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদী সভা। পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীৰে এই প্ৰতিবাদী সভা । নতুন পেঞ্চন ব্যৱস্থাই দুৰ্ভোগ ভোগাইছে অৱসাৰী কৰ্মচাৰী সকলক । মাহৰ মূৰত দুই এহেজাৰ টকাৰে পেঞ্চন ব্যৱস্থাৰে কৰ্মচাৰী সকলৰ মাজত বৈষম্য অনাৰ অভিযোগ নলবাৰী আঞ্চলিক কৰ্মচাৰী পৰিষদৰ । সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বানত আজি কাৰ্য্যালয় এৰি প্ৰতিবাদত বহে কৰ্মচাৰী সকল । কৰ্মচাৰী সকলে হাতে হাতে Scrap NPS , Restore OPS প্ৰতিবাদী কাষ্টুন লৈ শ্লোগান প্ৰদান কৰে । অসম চৰকাৰে বৈষম্য এৰি কৰ্মচাৰী সকলক একে দৃষ্টিৰে চোৱাৰ আহ্বান আজিৰ প্ৰতিবাদী কৰ্মচাৰী পৰিষদৰ ।