Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

বিলাসীপাৰাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চিৰাকুটা, সন্তোষপুৰ আৰু চৰুৱাবাখৰাত পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান | এইবাৰ পট্টা ভুক্ত বাসিন্দাৰ বাসগৃহত চলিল প্ৰশাসনৰ বুলডজাৰ | অঞ্চলটোৰ একাংশ বাসিন্দাক কোনো ধৰনৰ আগজাননী জাৰি নিদিয়াকৈ চলাইছিল বুলডজাৰ। প্ৰশাসনে বুলডজাৰ চলোৱা ঘটনাত ক্ষুদ্ধ হৈ পৰিছে পট্টা ভুক্ত বাসিন্দা সকল | অসম চৰকাৰৰ ওচৰত কাতৰ আহ্বান জনায় ভুক্তভোগী পৰিয়ালৰ লোকে।

আনহাতে পট্টাভুক্ত বাসিন্দা সকলক পৰ্য্যাপ্ত ক্ষতিপূৰণ আৰু পুনৰসংস্থাপন নিদিয়ালৈকে উচ্ছেদ নচলাবলৈ অসম চৰকাৰৰ মুখ্য সচিবৰ কাৰ্যালয়ত ২৭ আগষ্টত আবেদন দাখিল কৰিছিল ভুক্তভোগী পৰিয়ালৰ একাংশই | ইয়াৰ ভিত্তিত মুখ্য সচিবে ১৫ ডিচেম্বৰত আবেদনৰ শুনানী গ্ৰহন কৰিছিল আৰু আবেদনৰ আজোৰ-আপত্তি নিষ্পত্তি নোহোৱা লৈকে উচ্ছেদ নচলাবলৈ আদেশ জাৰি কৰিছিল বুলি জানিব দিয়ে | কিন্তু তেনে আদেশক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি ধুবুৰী জিলা প্ৰশাসনে আজি পট্টা ভুক্ত বাসিন্দা সকলৰ বাসগৃহত উচ্ছেদ অভিযান চলাইছে বুলি অভিযোগ তুলিছে ভুক্তভোগী একাংশই । সেয়ে বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীক বিবেচনা কৰিবলৈ কাতৰ আহ্বান জনাইছে ৰাইজে |

Wordpress Social Share Plugin powered by Ultimatelysocial