হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন।পথাৰৰ সোনালী ধান কাটি ঘৰ চপোৱাৰ পাছতেই মানুহৰ মাজত বৃদ্ধি পাইছে বিহুক লৈ প্ৰস্তুতি।

পুহ মাহৰ আৰম্ভণিতেই অসমৰ মানুহ ব্যস্ত হৈ পৰে মাঘ বিহুৰ উদযাপনৰ প্ৰস্তুতিত।পথাৰৰ সোণগুটি চপোৱাৰ পাছতেই বৰা চাউল,জহা চাউল আৰু কোমল চাউল খুন্দাত ব্যস্ত হৈ পৰে গাঁৱৰ মহিলাসকল।পথাৰৰ পৰা নৰা কাটি গাঁৱৰ যুৱকসকলে ভেলা ঘৰ সজাত ব্যস্ত হৈ পৰে।সৰু সৰু ল’ৰা-ছোৱালীৰ মনতো বৃদ্ধি পায় ভোগালী বিহুৰ বাবে উৎসাহ উদ্দীপনা।
বিশেষকৈ বিহু বুলি ক’লে গাঁৱত সকলোৰে মাজত এক ব্যস্ততাভৰা জীৱন হৈ পৰে।গাঁৱৰ মহিলাসকলে পিঠাগুড়ি খুন্দি বিভিন্ন ৰকমৰ পিঠা বনোৱাত ব্যস্ত হৈ পৰে।তিল পিঠা,বৰ পিঠা,ঘিলা পিঠা,নাৰিকলৰ লাড়ু,সান্দহ,চিৰা,পিঠাগুড়িৰে বনাই পাকঘৰৰ আখল ভৰাই ৰাখে।গাঁৱৰ ভক্তসকলে মেজিঘৰ বনোৱাত ব্যস্ত হৈ পৰে।
অসমীয়ালোকৰ এই সংস্কৃতিবোৰ সদায় আপুৰুগীয়া হৈ থাকক।