Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

ৰাষ্ট্ৰীয় টাইকোৱানডো চেম্পিয়নশ্বিপত উজলিল ৰঙিয়া টাইকোৱানডো কোচিং চেণ্টাৰৰ দল। ২১ডিচেম্বৰৰ পৰা ২৩ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা পশ্চিমবংগৰ বিশ্ব বাংলা ইণ্ডোৰ ষ্টেডিয়ামত ১৭টা কৈ পদক অৰ্জন কৰি অসমলৈ সুনাম কঢ়িয়াই আনিলে ৰঙিয়া টাইকোৱানডো কচিং চেণ্টাৰৰ দলটিয়ে। ইয়াৰ ভিতৰত ১০টাকৈ স্বৰ্ণ পদক,৩টা ৰূপৰ পদক আৰু ৪টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। ভৱিষ্যতে অলিম্পিকত অংশগ্ৰহণ কৰাৰ লক্ষ্য প্ৰশিক্ষক সজল গুহাৰ।

কিছুদিন পূৰ্বে চৰকাৰী স্বীকৃতি লাভ কৰা ৰঙিয়াৰ টাইকোৱানডো এচ’চিয়েছনে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত বহুবাৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। গতিকে আগ্ৰহী ছাত্ৰ ছাত্ৰীসকলে সম্পূৰ্ণ চৰকাৰী সুবিধা লাভ কৰক আৰু বিশ্ব দৰবাৰত জিলিকিবলৈ সুবিধা লাভ কৰক। চৰকাৰী স্বীকৃতি প্ৰাপ্ত ৰঙিয়া টাইকোৱানডো এচ’চিয়েছনত প্ৰশিক্ষণ লৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেলত অতি সহজে অংশগ্ৰহণ কৰিব পাৰিব। আৰ্থিকভাবে দুৰ্বল ছাত্ৰ ছাত্ৰী সকলক প্ৰশিক্ষক গৰাকীয়ে আহ্বান জনাইছে চৰকাৰী সুবিধা লাভ কৰক আৰু নিজকে এগৰাকী সুদক্ষ খেলুৱৈ হিচাপে গঢ় দিয়ক।

Wordpress Social Share Plugin powered by Ultimatelysocial