
কাম চৰাই হৈছে এক উজ্জ্বল ৰঙৰ ৰঙা ঠোঁটযুক্ত আৰ্দ্ৰভূমিৰ চৰাই, যাক অসমীয়া লোককথা আৰু গীত-মাতত বহুলভাৱে উল্লেখ কৰা হৈছে, বিশেষকৈ “কাম চৰাই ৰঙা ঠোঁট” আদি শব্দবন্ধৰ বাবে জনপ্ৰিয়; ইয়াৰ উজ্জ্বল নীলা বা বেঙুনীয়া বৰণ আৰু ডাঙৰ ৰঙা ঠোঁটেৰে সহজে চিনাক্ত কৰিব পাৰি আৰু ই জলাশয়ৰ কাষত জাকে জাকে বিচৰণ কৰে । ঐতিহাসিক শিৱসাগৰৰ তলাতলঘৰৰ সমিপৰত এতিয়া বহুসংখ্যক কামচৰাই জাকৰ বিচৰণৰ নান্দনিক পৰিৱেশে বহু দেশী বিদেশী পৰ্য্যটকক দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । সাত সাগৰ তেৰ নদী পাৰ হৈ অহা শ শ পৰিভ্ৰমী পক্ষী আৰু স্থানীয় পক্ষীৰ কলৰৱেৰে মুখৰিত শিৱসাগৰৰ তলাতল ঘৰৰ সমিপৰৰ এক বিনন্দীয়া দৃশ্য কেমেৰাত আৱদ্ধ কৰে শোণিতপুৰ জিলাৰ তেজপুৰৰ জামুগুৰিহাটৰ যুৱ সাংবাদিক তথা প্ৰকৃতিপ্ৰেমী চন্দন শৰ্মাই । প্ৰকৃতিপ্ৰেমী চন্দনে সমূহ অসমবাসী ৰাইজক কামচৰাইৰ দৰে যে ক’ত কিমান ৰং-বিৰঙী পক্ষীৰ আপোন-বিভোৰ বিচৰণ এতিয়া শিৱসাগৰৰ তলাতল ঘৰৰ সমিপৰৰ দৃশ্য উপভোগ কৰিবৰ বাবে আমন্ত্ৰণ জনাইছে ।