Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

ৰাজ্যত উচ্ছেদ অভিযান এতিয়াও অপৰিৱৰ্তিত ৰূপত আছে। এইবাৰ বিশ্বনাথৰ নিজ বাঘমাৰীত চলিল প্ৰশাসনৰ বুলড’জাৰ । উল্লেখ্য যে, মুঠ ৭৩২ টা পৰিয়াললৈ যোৱা আগষ্ট মাহতে জিলা প্ৰশাসনে বেদখলকাৰীলৈ প্ৰেৰণ কৰিছিল জাননী । ইয়াৰ পাছতেই একাংশ লোকে কাষ চাপিছিল উচ্চ ন্যায়ালয়ৰ। ইয়াৰ পাছতে উচ্চ ন্যায়লয়ে উচ্ছেদ অভিযান স্থগিতাৰ্দেশ জাৰি কৰিছিল । অৱশেষত ,আজি ন্যায়লয়ৰ কাষ চপা ৬৮ পৰিয়ালক বাদ দি বাকী থকা ৬৬৪ টা ঘৰত চলিল উচ্ছেদ অভিযান।

উল্লেখযোগ্য যে, বহু বছৰ ধৰি বেদখলকাৰী সকলে ২০৩ নং দাগৰ মুঠ ২৬৫ বিঘা VGR ভূমি দখল কৰি ৰাখিছিল। তাৰ বিপৰীতে আজি জিলা প্ৰশাসনে এক বৃহত আৰক্ষীৰ দল,জেচিপি লৈ দিন জোৰা কষ্টৰে উচ্ছেদ অভিযান চলাই ।

Wordpress Social Share Plugin powered by Ultimatelysocial