Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

সমাগত ২০২৬ ৰ‌ বিধানসভা নিৰ্বাচন।নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অসমলৈ আগমন ঘটিছে বিজেপিৰ কেন্দ্ৰীয় নেতাৰ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাছতেই এইবাৰ অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্য্যকৰী সভাপতি নীতিন নবীন।২৬ আৰু ২৭ ডিচেম্বৰৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্য্যকৰী সভাপতি নীতিন নবীন।২৬ ডিচেম্বৰত গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত ৰাষ্ট্ৰীয় কাৰ্য্যকৰী সভাপতি গৰাকী। দলীয় কৰ্মীয়ে উষ্ম আদৰণি সম্ভাষণ জনাব ৰাষ্ট্ৰীয় কাৰ্য্যকৰী সভাপতি নীতিন নবীনক।

২৬ আৰু ২৭ ডিচেম্বৰত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰিব নৱ নিযুক্ত সভাপতি গৰাকীয়ে।আগন্তুক নিৰ্বাচনৰ সন্দৰ্ভত বিভিন্ন ৰণনীতি প্ৰস্তুত কৰাৰ লগতে নিৰ্বাচনত বিজেপিয়ে কেনে পৰিকল্পনা কৰি জয়ী হ’ব তাৰ বিষয়ে আলোচনা কৰিব। ৰাষ্ট্ৰীয় পৰ্যায়ৰ দায়িত্বৰ‌ লাভ কৰাৰ পাছত নীতিন নবীনৰ এইয়া হ’ব প্ৰথম অসম ভ্ৰমণ।তাৰ পাছতেই ২৯ ডিচেম্বৰত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।উদ্বোধন কৰিব বটদ্ৰৱাৰ নৱনিৰ্মিত প্ৰকল্পৰ।

Wordpress Social Share Plugin powered by Ultimatelysocial