কাজিৰঙালৈ আহিলে এতিয়াৰে পৰা জীপ ছাফাৰী নকৰিলেও চিন্তা নাই । উঠিব পাৰিব ম’হৰ গাড়ী আৰু ঘোঁৰাৰ গাড়ীত। কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত পৰ্যটকৰ বাবে আৰম্ভ হ’ল এক নতুন সংযোজন ম’হৰ গাড়ী আৰু ঘোঁৰা গাড়ী ৷ ই পৰ্যটকসকলক উদ্যানখনৰ বিভিন্ন অংশ পৰিভ্ৰমণ কৰাত সহায় কৰাৰ লগতে এক ব্যতিক্ৰমী অভিজ্ঞতা প্ৰদান কৰিব। পৰ্যটকৰ বাবে এই সেৱা আৰম্ভ হোৱাৰ লগে লগে উদ্য়ানখনেও লাভ কৰিলে আন এক পৰিচয় । এই সেৱা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা নিৱন্ধকাৰ শান্তনু বৰঠাকুৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ৰিকি গগৈয়ে ৷ পৰ্যটকক গ্ৰাম্য জীৱনৰ অনুভূতি দিবলৈ কাজিৰঙাৰ পৰ্যটনত এই নতুন সংযোজন কৰাৰ প্ৰয়াস কৰা হৈছে।

কাজিৰঙা জাতীয় অৰ্কিড উদ্যান সন্দৰ্ভত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কয় যে, ‘আমাৰ পুৰণিকলীয়া ম’হৰ গাড়ী, ঘোঁৰা গাড়ী পৰ্যটকৰ বাবে আজিৰে পৰা অৰ্কিড উদ্যানত আৰম্ভ কৰা হৈছে ৷ কাজিৰঙাৰ পৰ্যটনত নতুন-নতুন সংযোজন কৰাৰ প্ৰয়াস কৰি অহা হৈছে । উদ্যানৰ তৰফৰ পৰা পৰ্যটকৰ বাবে পাহাৰ বগোৱা, চাইকেল চলোৱা আৰু চৰাই চোৱাৰ ব্যৱস্থাও আৰম্ভ কৰা হ’ব ৷ সেই সমূহ পৰ্যটন কাৰ্যসূচীত অসমৰ ৰাইজক অংশগ্ৰহণ কৰিবলৈও আহ্বান জনাই অখিল গগৈয়ে।