Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

পশ্চিম কাৰ্বি আংলং জিলাত উদ্ভৱ হোৱা ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ২৩ ডিচেম্বৰ মঙলবাৰে অসম চৰকাৰে ইণ্টাৰনেট আৰু মোবাইল ডাটা সেৱা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধ কৰাৰ নিৰ্দেশ দিছে।

বিগত দিনত উত্তপ্ত হৈ পৰিছিল কাৰ্বি আংলং।পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ শূন্যলৈ গুলী চালনা। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হয় সংঘাত। প্ৰশাসনে জাৰি কৰিছিল ১৬৩ ধাৰা। কিন্তু তাৰ পিছতো শান্ত হোৱা নাছিল পৰিৱেশ পৰিস্থিতি।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে খেৰনীত বৃহৎ সামৰিক বাহিনীৰ ব্যৱস্থা গ্ৰহণ কৰা হয়।বৃহৎ নিৰাপত্তা বেষ্টনীৰ মাজত বৃহৎ খেৰনী অঞ্চল।প্ৰতিবাদকাৰীয়ে খেৰনী বজাৰত দোকান পোহাৰত অগ্নি সংযোগ কৰাৰ ফলত পৰি ৰৈছিল কেৱল অৱশিষ্ট।

ছ’চিয়েল মিডিয়া আৰু ইণ্টাৰনেটৰ সহায়ত উৰাবাতৰি , ভুৱা তথ্য আদি বিয়পাব পাৰে বুলি আশংকা কৰি এই পদক্ষেপ গ্ৰহণ কৰে চৰকাৰে। পৰিস্থিতি আৰু অধিক ভয়াৱহ নহ’ব বাবেই এই বিশেষ ব্যৱস্থা চৰকাৰৰ। শান্তি বৰ্তাই ৰখাৰ স্বাৰ্থত এই পদক্ষেপ চৰকাৰৰ।

জানিব পৰা মতে বৰ্তমান সময়ত ক্ৰমাৎ শান্ত হোৱাৰ দিশে পশ্চিম কাৰ্বি আংলং।

Wordpress Social Share Plugin powered by Ultimatelysocial