Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

শনিবাৰে পুৱতি নিশা অসমৰ নগাঁও জিলাৰ কামপুৰৰ চাংজুৰাইত সংঘটিত হৈছিল এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। ঘনকুঁৱলীৰ মাজতে মিজোৰামৰ পৰা দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছৰ খুন্দাই নিমিষতে তচনচ কৰি পেলাইছিল এটা হাতীৰ জাকক ৷ ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত কামপুৰৰ চাংজুৰাইত নিহত হৈছিল সাতটাকৈ বন্যহস্তীৰ। আঘাতপ্ৰাপ্ত হৈছিল এটা পোৱালি হাতীও। গুৰুতৰভাৱে আহত পোৱালিটোক সংকটজনক অৱস্থাত নিয়া হৈছিল কাজিৰঙালৈ। শুকুৰবাৰৰ পৰা পশু চিকিৎসাৰ দলে ২৪ ঘণ্টাই জৰুৰীকালীন চিকিৎসা প্ৰদান কৰি আহিছিল হাতী পোৱালিটোক। অৱশেষত চিকিৎসকৰ আপ্ৰাণ চেষ্টাৰ পাছতো মৃত্যু হয় হাতী পোৱালিটোৰ। কাজিৰঙাত চিকিৎসাধীন অৱস্থাতে প্ৰাণ হেৰুৱাই হাতী পোৱালিটোৱে।

বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্ৰৰ চিকিৎসক ডাঃ ভাস্কৰ চৌধুৰীয়ে কয় যে ‘পোৱালিটোৰ এখন ভৰিত এডাল হাড় ভাঙি গৈছিল আৰু মূলতঃ দেহত আভ্যন্তৰীণ আঘাত আছিল ৷ দেহৰ ভিতৰত ৰক্তক্ষৰণ হৈ থকাৰ লগতে মুখেৰে একেৰাহে তেজ ওলাই আছিল ৷ খুব সম্ভৱ ‘ৰেচপিৰেট’ৰী ফেইলৰ’ৰ কাৰণে হাতী পোৱালিটো ঢুকাল ৷” এই খবৰে এতিয়া শোকাহত কৰি তুলিছে সমগ্ৰ ৰাজ্যবাসীক।

Wordpress Social Share Plugin powered by Ultimatelysocial