আজি অসমত প্ৰধানমন্ত্ৰীৰ দ্বিতীয়টো দিন। সকলো ব্যস্ত প্ৰধানমন্ত্ৰী গৰাকীক আদৰাৰ প্ৰস্তুতিত। পৰম্পৰাগত সাজ – পোছাক পৰিধান কৰি নৃত্য – গীতৰ মাজেৰে আদৰণি জনাইছে প্ৰধনমন্ত্ৰী গৰাকীক। সাজু হৈছে প্ৰশাসন। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে আদৰণি জনাইছে প্ৰধানমন্ত্ৰী গৰাকীক।

আজি প্ৰথমবাৰৰ বাবে বুঢ়া লুইতত বুকুত নৌকা বিহাৰ কৰিব প্ৰধানমন্ত্ৰীৰ গৰাকীৰ।বুঢ়া লুইতত নৌকা বিহাৰৰ সময়তে প্ৰধানমন্ত্ৰীয়ে অংশ লয় ‘পৰীক্ষা পে চৰ্চা ‘ অনুষ্ঠানত । ‘পৰীক্ষা পে চৰ্চা’ অষ্টম সংস্কৰণত অংশ লয় ৰাজ্যৰ ২৫ শিক্ষাৰ্থীয়ে।
ইয়াৰ পিছতে বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ যাব প্ৰধানমন্ত্ৰী গৰাকী। বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ গৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে জনাব শ্ৰদ্ধাঞ্জলি ।
তাৰ পিছতেই নামৰূপলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী গৰাকী । নতুন সাৰ কাৰাখানাৰ ভূমি পূজন, আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে। ১২.৭ লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদনক্ষম প্ৰকল্পৰ ভূমি পূজন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু নামৰূপবাসী।