সমগ্ৰ অসমৰ লগতে ভাৰত বৰ্ষৰ ভিতৰত অন্যতম পৰ্যটন স্থলী হৈছে মাগুৰী মতাপুং বিল। শীতৰ আগমনৰ লগে লগে পৰিভ্ৰমী চৰাইয়ে ভিৰ কৰে মাগুৰী মতাপুং বিলত। দেশৰ প্ৰধানমন্ত্ৰীৰ ভাষ্যত বাৰে বাৰে উল্লেখ থকা মাগুৰী মতাপুং বিলৰ নান্দনিক দৃশ্যই প্ৰতি বছৰে দেশী-বিদেশী পৰ্যটক সকলক আপ্লুত কৰি আহিছে। বিশেষকৈ বিভিন্ন প্ৰজাতিৰ হাঁহ আৰু বিভিন্ন প্ৰজাতিৰ চৰাইয়ে সৌন্দৰ্য্যবৰ্ধন কৰা মাগুৰী মতাপুং বিলৰ নান্দনিক দৃশ্য উপভোগ কৰিবলৈ ভিৰ কৰে দেশী-বিদেশী পৰ্যটক সকলে । বিগত বৰ্ষৰ দৰে এই বৰ্ষতো দেশী-বিদেশী পৰ্যটক সকলৰ আগমন ঘটিছে।

উল্লেখযোগ্য যে মাগুৰী মতাপুং বিলৰ সৌন্দৰ্য্য সমূহ সংৰক্ষণ কৰিবলৈ স্থানীয় প্ৰকৃতি প্ৰেমী ৰাইজে চেষ্টা কৰি আহিছে যদিও দিনক দিনে বিল খনৰ জলাশয় হ্ৰাস পোৱাত প্ৰকৃতি প্ৰেমী সকলক চিন্তিত কৰি তুলিছে।