Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

জুবিনৰ মৃত্যু ঘটনাৰ তদন্ত আৰম্ভ চি আই ডিৰ। চি আইডিৰ দলে তদন্তৰ প্ৰথম প্ৰক্ৰিয়া হিচাপে আজি অভিযান চলাই জুবিনৰ বাদ্যযন্ত্ৰী শেখৰ জ্য়োতি গোস্বমীৰ বাসগৃহত। শেখৰক ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰে চি আইডিৰ দলে। ছিংগাপুৰত জুবিনৰ সৈতে গৈছিল শেখৰ। সাগৰত সাতুৰা সময়তে জুবিনৰ সৈতে আছিল শেখৰ জ্যোতি। ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত শেখৰ নিজেই জনাইছিল সংবাদ মাধ্যমৰ সন্মুখত। ইফালে জুবিনৰ মৃত্যুৰ সময়ত লগত থকা লোকসকলকো সোধ পোচ কৰা হ’ব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জুবিনৰ মৃত্যু তদন্তৰ বাবে উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াৰ দ্বাৰ গঠন কৰা হৈছিল SIT। SITক তদন্ত প্ৰক্ৰিয়াত সম্পূৰ্ণ স্বাধীনতা দিয়া হৈছে। চিআইদিৰ দ্বাৰা নহ’লে ঘটনাৰ তদন্ত চিবিআই লৈ প্ৰেৰণ কৰা হ’ব বুলিও ঘোষণা মুখ্যমন্ত্ৰীৰ। আনফালে জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ ঘৰতো চলিছে চিআইডিৰ অভিযান।

Wordpress Social Share Plugin powered by Ultimatelysocial